অসম

assam

ETV Bharat / state

দুৰ্বৃত্তই জ্বলালে দুই স্থান সংযোগী একমাত্ৰ বাঁহৰ সাঁকো - ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী একমাত্ৰ বাঁহৰ সাঁকো

নিশা দুৰ্বৃত্তই জ্বলালে ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী একমাত্ৰ বাঁহৰ সাঁকো ৷ লাহাপাৰাৰ দিশত জুই লগাত সাঁকোখনৰ প্ৰায় দহ মিটাৰ অংশ জাহ যায় ৷

একমাত্ৰ বাঁহৰ সাঁকো জ্বলালে দুৰ্বৃত্তই

By

Published : Sep 22, 2019, 3:02 PM IST

ৰঙিয়া, 22 ছেপ্তেম্বৰ : নিশা দুৰ্বৃত্তই জ্বলালে ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী একমাত্ৰ বাঁহৰ সাঁকো ৷ লাহাপাৰাৰ দিশত জুই লগাত সাঁকোখনৰ প্ৰায় দহ মিটাৰ অংশ জাহ যায় ৷ ঘটনাৰ খবৰ লাভ কৰি ৰাতিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিভাগ ৷ উল্লেখ্য যে, লাহাপাৰাৰ দিশৰ পৰা যাতায়তৰ একমাত্ৰ সম্বল আছিল এই সাঁকোখন ৷ সাঁকোখন জ্বলি যোৱাৰ ফলত পুৱাৰ ভাগত স্থানীয় ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷

লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী বাঁহৰ সাঁকো জ্বলালে দুৰ্বৃত্তই

ইয়াৰ পাছতে স্থানীয় যুৱকসকলে হাতে - কামে লাগি সাঁকোখনৰ মেৰামতি কৰিবলৈ চেষ্টা কৰে ৷

ABOUT THE AUTHOR

...view details