কামৰূপ, 13 ফেব্ৰুৱাৰী :এইবাৰ বাঘৰ ঘৰত মেকুৰী মাহীৰ তাণ্ডৱ ৷ কিয়নো আৰক্ষীৰ গৃহৰ পৰা চোৰে চুৰি কৰি নিলে এখন বলেৰ' বাহন ৷
জানিব পৰা মতে অসম আৰক্ষীত কৰ্তব্যৰত কামৰূপৰ নিজ গন্ধমৌৰ হাৰেকৃষ্ণ দাস নামৰ এজন লোকৰ ঘৰৰ গেটৰ তলা ভাঙি শুকুৰবাৰে নিশা চোৰে চুৰি কৰি নিয়ে AS-01-DL-7179 নম্বৰৰ এখন বলেৰ' বাহন ৷