ৰঙিয়া, 6 ডিচেম্বৰ :একোখন চাচপেঞ্চ থ্ৰীলাৰ হিন্দী চিনেমাত হয়তো আপুনি প্ৰায়েই এটা সংলাপ শুনে, ''নাম বদলনে ছে, ইনছান নেহী বদলতা'' ৷ ঠিকেই নাম সলনি কৰিলেই সলনি নহয় মানুহ ৷ তথাপিও প্ৰায়েই দেখা যায় সামাজিক মাধ্যমত বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এচাম লোকে ভুৱা পৰিচয় ব্যৱহাৰ কৰে ৷ ইয়াৰ এচাম লোকে নাম, উপাধি সলনি কৰি প্ৰেমৰ জালত পেলাবলৈ কিশোৰী, যুৱতীক লক্ষ্য কৰি লয় ৷
এইবাৰ লাভ জেহাদৰ অভিযোগত দেওবাৰে ৰঙিয়া থানা ঘেৰাও কৰিলে বজৰংগ দলে(Bajrang Dal protest in front of Rangia Police Station) ৷ ফলত ৰঙিয়াত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি মৃত যুৱতী গৰাকীক ৰঙিয়াৰ মৰাণজানাৰ ৰুহুল আমিন নামৰ যুৱক এজনে ভুৱা পৰিচয়েৰে নিজৰ নাম শংকৰ শৰ্মা বুলি কৈ প্ৰেমৰ জালত ফচাইছিল ।
পৰিণতিত এই প্ৰেমৰ কিছুদিন পিছৰে পৰা যুৱকজনে ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে যুৱতী গৰাকীক । ফলত সেই চাপ সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'ব লগা হয় ৷