অসম

assam

ETV Bharat / state

অসম-মেঘালয় সীমান্তৱৰ্তী ভোলাগাঁৱত বায়খো উৎসৱ উদযাপন

জেঠ মাহৰ পূৰ্ণিমা তিথিত আয়োজন কৰা বায়খো উৎসৱত ১৩ গৰাকী দেৱ-দেৱীক পূজা-অৰ্চনা কৰি গাহৰি-মুৰ্গী উচৰ্গা কৰা হয় ।

By

Published : Jun 7, 2019, 5:51 PM IST

অসম-মেঘালয় সীমান্তৱৰ্তী ভোলাগাঁৱত বায়খো উৎসৱ উদযাপন

দক্ষিণ কামৰূপ,7 জুন : ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱ । বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰসন্থা,বৰদুৱাৰ ভোলাগাঁও ষষ্ঠ অনুসূচী দাবী সমিতি,বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ পৰম্পৰা অনুসৰি উদযাপন কৰা হয় ষষ্ঠ বাৰ্ষিকি বায়খো উৎসৱ । জেঠ মাহৰ পুৰ্ণিমা তিথিত আয়োজন কৰা বায়খো উৎসৱত ১৩ গৰাকী দেৱ-দেৱীক পূজা-অৰ্চনা কৰি গাহৰি-মুৰ্গী দেৱ-দেৱীক উচৰ্গা কৰা হয় । লগতে বায়খো উৎসৱৰ লগত সংগতি ৰাভাসকলৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় ।

অসম-মেঘালয় সীমান্তৱৰ্তী ভোলাগাঁৱত বায়খো উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details