বাইহাটা, 4 নৱেম্বৰঃ ৰাজ্যত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি আছে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ৷ কেৱল সাধাৰণ চাকৰিয়েই নহয়, অসম চৰকাৰৰ কিছু সংখ্যক আমোলা বিষয়াইয়ো ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে কৰি আছে চাকৰি ৷ এই বিস্ফোৰক অভিযোগ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৷ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত চাকৰি কৰা এইসকল লোকক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনটোৱে ৷
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী - Baihata SC student union bike rally
ডেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভড়ালী আৰু নিত্যানন্দ ফুকনৰ তত্বাৱধানত অনুসূচীত জাতি পৰিষদখন চলি থকাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃবৃন্দই ৷
![সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4960741-thumbnail-3x2-b.jpg)
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী
আনহাতে, ডেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভড়ালী আৰু নিত্যানন্দ ফুকনৰ তত্বাৱধানত অনুসূচীত জাতি পৰিষদখন চলি থকাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ সেয়েহে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকা সকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটীৰ সৰুমটৰীয়ালৈ প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷