বাইহাটা চাৰিআলি, 4 ফেব্ৰুৱাৰী :বাইহাটা চাৰিআলিৰ আল্টা গাঁৱত সুলভ শৌচালয় নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী । কেন্দ্ৰীয় তথা মোডী চৰকাৰৰ স্বচ্ছ ভাৰত নিৰ্মাণ পৰিকল্পনাৰ প্ৰতি সঁহাৰি নাই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে এবছৰত নিৰ্মাণ নহ'ল শৌচালয় । সুলভ শৌচালয় নিৰ্মাণ কৰা সংস্থা সমূহে এবছৰে শৌচালয় নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে হিতাধিকাৰীয়ে ৷ যাৰ বাবে তেঁওলোকে মুকলি আৰু কেঁচা শৌচালয়ত মল ত্যাগ কৰিবলৈ বাধ্য হৈছে । সেয়ে চৰকাৰক অতিশীঘ্ৰে শৌচালয় সমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ আহ্বান জনায় হিতাধিকাৰীয়ে ।
বাইহাটাত সুলভ শৌচালয়ৰ নামত বৃহৎ কেলেংকাৰি - Baihata SBM latrine scheme corruption
বাইহাটাত সুলভ শৌচালয় নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰি ৷ এবছৰত নিৰ্মাণ নহ'ল সুলভ শৌচালয় সমূহ ৷
বাইহাটাত সুলভ শৌচালয়ৰ নামত বৃহৎ কেলেংকাৰি