কামৰূপ,1 ডিচেম্বৰঃদেওবাৰে পথ দুৰ্ঘটনা সংঘটিত হয় বাইহাটা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰে AS25BC 5241নম্বৰৰ এখন চাৰিচকীয়া বাহন ৷ মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালকজনৰ ৷
দ-খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন !
বাইহাটা চাৰিআলিত সংঘটিত হোৱা পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চাৰিচকীয়া বাহনৰ চালকৰ ৷
দ-খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন !
স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, ঘন কুৱলীৰ বাবে বাহনখনৰ চালকে পথ প্ৰত্যক্ষ কৰিব নোৱাৰি দুৰ্ঘটনাটো সংঘটিত কৰে ৷
অন্য এক খবৰৰ বাবে ; ৰাইজক মাধমাৰ শোধাই পিঁয়াজৰ মূল্য প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি