বাইহাটাত ধৰ্ষণ কাণ্ড
বাইহাটাত ধৰ্ষণ কাণ্ড ৷ ধনজিৎ দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ ৷ সভ্য সমাজৰ ধিক্কাৰ ৷
বাইহাটা,25 আগষ্ট: নাৰী সুৰক্ষাৰ সন্দৰ্ভত সৰ্বত্ৰই সংবেদনশীল আলোচনা চলি থকাৰ সময়তেই আকৌ এক জঘন্য ধৰ্ষণ কাণ্ডই কঁপাই গ’ল বাইহাটা চাৰিআলি ৷ বাইহাটা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হল এই লজ্জাজনক ঘটনা ৷ এগৰাকী যুৱতীক ধনজিৎ দাস নামৰ যুৱক এজনে এন্ধাৰৰ সুযোগ লৈ এই কাণ্ড সংঘটিত কৰে৷ বাইহাটা চাৰিআলি আৰক্ষী থানাত যুৱতীগৰাকীৰ পৰিয়ালে দিয়া এক গোচৰৰ ভিত্তিত কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰডেকপাৰ গাৱঁৰ ধনজিৎ দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ সভ্য সমাজে এই ধৃত ধৰ্ষণকাৰীটোক একেমুখে ধিক্কাৰ দিছে ৷