বাইহাটা, 22 জানুৱাৰী:নিশা বাইহাটা চাৰিআলিৰ পুঠিমাৰিত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ আৱাসত দুৰ্বৃত্তৰ অগ্নি সংযোগ । আৱাসটোত থকা অস্থায়ী মহিলা কৰ্মচাৰী দিপজ্যোতি কলিতাৰ শুই থকা অৱস্থাত দুৰ্বৃত্তই পেট্ৰ'ল ঢালি অগ্নি সংযোগ কৰে ।
পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী আৱাসত অগ্নিসংযোগ দুৰ্বৃত্তৰ
বাইহাটা চাৰিআলিৰ পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ অস্থায়ী মহিলা কৰ্মচাৰীৰ চৰকাৰীৰ আৱাসত নিশা দুৰ্বৃত্তৰ অগ্নি সংযোগ ৷ স্থানীয় কিশোৰ দাস নামৰ লোকজনৰ বিৰুদ্ধে এই কাৰ্য কৰাৰ অভিযোগ উত্থাপন মহিলাগৰাকীৰ ৷
স্বামীৰ অকাল বিয়োগৰ পিচৰে পৰাই দিপজ্যোতি কলিতা নামৰ বিধবা মহিলা গৰাকীয়ে অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি থকাৰ লগতে নিজ সন্তানৰ সৈতে আৱাসটোত বাস কৰি আহিছিল । এই কথা সহ্য কৰিব পৰা নাছিল স্বাস্থ্য কেন্দ্ৰটোৰ ওচৰৰে কিশোৰ দাস নামৰ ব্যক্তিজনে । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত কিশোৰ দাসে প্ৰায়ে মহিলা গৰাকীৰ আৱাস গৃহত নিশাৰ ভাগত অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ আনিছে মহিলা গৰাকীয়ে । মঙলবাৰে নিশা মহিলা গৰাকী শুই থকা অৱস্থাত কিশোৰ দাস নামৰ লোকজনেই পেট্ৰ'ল ঢালি আৱাসটো জ্বলাই দিয়াৰ চেষ্টা কৰে বুলি বৰ্তমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । ঘটনাটোৰ পাছত ওচৰ চুবুৰীয়াৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় পৰিয়ালটোৱে । ইতিমধ্যে মহিলাগৰাকীয়ে কিশোৰ দাসৰ বিৰুদ্ধে কমলপুৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ ।
লগতে পঢ়ক: ন্যায়ালয়ৰ সমান্তৰালকৈ ৰাজপথটো অব্যাহত "কা" বিৰোধী সংগ্ৰাম