বাইহাটা চাৰিআলি, 20 জানুৱাৰী :বাইহাটা চাৰিআলিৰ কমলপুৰৰ সুন্দৰিশাল গাঁৱৰ মিন্টু পাঠক নামৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে এখন প্ৰদূষণ মুক্ত মটৰ চাইকেল । প্ৰায় তিনিমাহ জোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত মিন্টু পাঠকে নিৰ্মাণ কৰি উলিয়াই বাহন খন । মটৰ চাইকেলখনত ইঞ্জিনৰ পৰিবৰ্তে আছে 48 ভল্টৰ এটা মটৰ, ১২ ভল্টৰ চাৰিটা বেটাৰি আৰু এটা কন্ট্ৰোলাৰ । পুৰণি পেলনীয়া মটৰ চাইকেলৰ থেচিচতে যুৱকজনে নিৰ্মাণ কৰি উলিয়াই এই মটৰ চাইকেলখন । মটৰ চাইকেলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আহিলাৰ কিছু অংশ অনলাইনযোগে গুজৰাটৰ পৰা আমদানি কৰাৰ কথা মিন্টুৱে জানিবলৈ দিয়ে ।
প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে - KAMRUP RURAL
প্ৰদূষণমুক্ত সুস্থিৰ পৰিবেশ গঢ়াৰ স্বপ্নত ব্ৰতী কমলপুৰৰ মিণ্টু পাঠক ৷ কাৰিকৰী শিক্ষা অবিহনে যুৱকজনে সাজি উলিয়াইছে সমাজক প্ৰদূষণৰ বোজা নিদিয়া এখন ব্যৱহাৰৰ উপযোগী মটৰ চাইকেল ৷
![প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে Baihata pollution free bike](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5778109-thumbnail-3x2-bai.jpg)
প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে
প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে
মটৰ চাইকেলখনৰ নিৰ্মাণ বাবদ মুঠ ২৭ হাজাৰ টকা ব্যয় হৈছে বুলি উল্লেখ কৰে মিন্টু পাঠকে । তেওঁ লগতে দৈনিক 6 ঘণ্টাৰ পৰা 8 ঘণ্টা মটৰ চাইকেলখনৰ বেটাৰ চাৰ্জ কৰি 40 কিল'মিটাৰ অনায়াসে চলাব পাৰি বুলি উল্লেখ কৰে । কোনো কাৰিকৰী শিক্ষাৰ অবিহনে মটৰ চাইকেলখন নিৰ্মাণ কৰি উলিয়াইছে মিন্টু পাঠকে । মিন্টুৰ এই সফলতাত গৌৰৱাম্বিত মিন্টু পৰিয়ালৰ লগতে অঞ্চলবাসী ।