বাইহাটা, 3 জুলাইঃ কামৰূপৰ বাইহাটাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহক লৈ কেলেংকাৰী ৷ গৃহ আবন্টণ দিয়াৰ বাবে উৎকোচ লোৱাৰ অভিযোগ স্থানীয় একাংশ ৰাইজৰ ৷ উল্লেখ্য যে, বাইহাটাৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱত দুখীয়া পৰিয়ালৰ পৰা গৃহ আবন্টনৰ নামত উৎকোচ লোৱাৰ অভিযোগ আনিছে হিতাধিকাৰীয়ে ।
বাইহাটাত গৃহ আবন্টন দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ
বাইহাটাৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱত দুখীয়া পৰিয়ালৰ পৰা গৃহ আবন্টনৰ নামত উৎকোচ লোৱাৰ অভিযোগ আনিছে হিতাধিকাৰিয়ে । এই অভিযোগৰ আঙুলি বিজেপিৰ বুথ কমিতিৰ সম্পাদক আশ্ৰাফুল আলী আৰু পঞ্চায়ত কৰ্মী ভাস্কৰ বৈশ্যলৈ
এই অভিযোগ উত্থাপন হৈছে বিজেপিৰ বুথ কমিটিৰ সম্পাদক আশ্ৰাফুল আলী আৰু পঞ্চায়ত কৰ্মী ভাস্কৰ বৈশ্যলৈ ৷ প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা আশ্ৰাফুল আৰু ভাস্কৰে গৃহ আবন্টনৰ নাত ৫ হাজাৰ টকাকৈ বিচৰা বুলি অভিযোগ আনিছে একাংশ স্থানীয় ৰাইজে ৷ আনহাতে গৃহ আবন্টনৰ নামত ধন লোৱাৰ কথা শুনা বুলি স্বীকাৰো কৰিলে পঞ্চায়তৰ ৱাৰ্ড সদস্যা গৰাকীয়ে ।কিন্তু ইয়াৰ বিপৰীতে ঘৰ দিয়াৰ নামত কোনো ব্যক্তিৰ পৰা ধন লোৱা নাই বুলি কয় বেজেৰা ২ নং বুথ কমিটিৰ সম্পাদক আশ্ৰাফুল আলীয়ে । সাধাৰণ জনতাৰ সুবিধা হোৱাকৈ দলৰ স্বাৰ্থত কাম কৰি যোৱা বুলি উল্লেখ বুথ কমিটিৰ সম্পাদক গৰাকীৰ ৷