অসম

assam

By

Published : Jan 25, 2020, 5:22 PM IST

ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বাইহাটাত চলিছে ব্যাপক দুৰ্নীতি

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত বাইহাটাত চলিছে দুৰ্নীতি ৷ বিভাগীয় কাৰ্যালয়লৈ বাটকুৰি বোৱাৰ পিছতো আৱাসগৃহ পাবলৈ সক্ষম নহ’ল বাইহাটাৰ এগৰাকী হিতাধিকাৰীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে উৎপল বৰা নামৰ এজন ব্যক্তিয়ে ।

বাইহাটা
বাইহাটাত ব্যাপক দুৰ্নীতি

বাইহাটা চাৰিআলি,25 জানুৱাৰীঃ কামৰূপ(গ্ৰাম্য) জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিত দীৰ্ঘদিনে সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত চলিছে এই দুৰ্নীতি ৷ বিভাগীয় কাৰ্যালয়লৈ বাটকুৰি বোৱাৰ পিছতো এটি আৱাসগৃহ পাবলৈ সক্ষম নহ’ল বাইহাটাৰ এগৰাকী হিতাধিকাৰীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে উৎপল বৰা নামৰ এজন ব্যক্তিয়ে ।

বাইহাটাত ব্যাপক দুৰ্নীতি

উল্লেখ্য যে, বিহদিয়া জাঁজিকোণা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ তিতকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাথান গাঁৱৰ হিতাধীকাৰীজনৰ নাই কোনো উপযুক্ত নথিপত্ৰ । যাৰ বাবে চৰকাৰী সকলো সা-সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ব্যক্তিজন ৷ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ উপৰিও উৎপলে লাভ নকৰিলে স্বচ্ছ অভিযানৰ অন্তৰ্গত সুলভ শৌচালয় ৷ দৰাচলতে পঞ্চায়ত কৰ্মচাৰীয়ে বিচৰা টকা ভেটি দিব নোৱাৰাত হিতাধিকাৰীজনে সুবিধা লাভৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । উক্ত অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে ৷

লগতে চাওকঃ71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য

ABOUT THE AUTHOR

...view details