অসম

assam

বাইহাটাত আৰক্ষী আৰু ৰাইজৰ সহযোগত শৱদেহ ৰখা গৃহ নিৰ্মাণ

By

Published : Dec 5, 2020, 3:30 PM IST

কামৰূপ আৰক্ষীৰ অন্তৰ্গত বাইহাটা চাৰিআলি থানাৰ শৱদেহ ৰখা গৃহ নিৰ্মাণ কৰি দিলে ৰাইজে ।

বাইহাটাত আৰক্ষী আৰু ৰাইজৰ সহযোগত শৱদেহ ৰখা গৃহ নিৰ্মাণ
বাইহাটাত আৰক্ষী আৰু ৰাইজৰ সহযোগত শৱদেহ ৰখা গৃহ নিৰ্মাণ

বাইহাটা,5 ডিচেম্বৰঃ সততে বিভিন্ন বিৰ্তকত নাম সাঙুৰ খাই পৰে অসম আৰক্ষীৰ নাম । সৰ্বসাধাৰণ ৰাইজৰ লগতো বহু ক্ষেত্ৰত থাকে তিক্ততাপূৰ্ণ সম্পৰ্ক। কিন্তু এনেবোৰ ধাৰণাৰ বিপৰীত দৃশ্য দেখা গ’ল কামৰূপ জিলাৰ আৰক্ষীৰ ক্ষেত্ৰত । কামৰূপ আৰক্ষীৰ অন্তৰ্গত বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা শৱদেহ ৰখা গৃহ নিৰ্মাণ কৰিলে ৰাইজৰ সহযোগত ।

বাইহাটাত আৰক্ষী আৰু ৰাইজৰ সহযোগত শৱদেহ ৰখা গৃহ নিৰ্মাণ

উল্লেখযোগ্য যে, ৰাইজৰ দান বৰঙণি আৰু আৰক্ষীৰ সহযোগত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ হ’ল শৱদেহ ৰখা গৃহটো । শনিবাৰে এই গৃহটো ৰাইজৰ বাবে অৰ্পন কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই ।

লগতে পঢ়কঃ আজি দিল্লীত কৃষকৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details