এনজিঅ'ৰ ধন লৈ উধাও যুৱকঃ পুত্ৰক নাপাই মাতৃক ঘেৰা মহিলাৰ - ইটিভি ভাৰত
অঞ্চলটোৰ আঠটাকৈ এনজিঅ'ৰ পৰা ধন লৈ পলায়ন কৰিছে যুৱকজনে ৷ উত্তেজিত মহিলাসকলে ৰাহুলক নাপাই ৰাহুলৰ মাকক ঘেৰাও কৰি ৰাখে ৷

অভিযুক্ত ৰাহুল আলি
বাইহাটা, 21 জুলাইঃ এনজিঅ'ৰ পৰা ধন লৈ উধাও বাইহাটা চাৰিআলিৰ এজন যুৱক ৷ বাইহাটা চাৰিআলিৰ গোগ গাঁৱৰ ৰাহুল আলী নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ অঞ্চলটোৰ আঠটাকৈ এনজিঅ'ৰ পৰা ধন লৈ পলায়ন কৰিছে যুৱকজনে ৷ উত্তেজিত মহিলাসকলে ৰাহুলক নাপাই ৰাহুলৰ মাকক ঘেৰাও কৰি ৰাখে ৷ মহিলাসকলে ইতিমধ্যে বাইহাটা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰাইছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই ৷
পুত্ৰক নাপাই মাতৃক ঘেৰা মহিলাৰ