অসম

assam

By

Published : Jun 11, 2019, 10:08 PM IST

ETV Bharat / state

শীঘ্ৰে সম্পূৰ্ণ হ'ব বাইহাটাৰ তীখা প্ৰকল্পৰ নিৰ্মাণ

লোক সভাৰ সাংসদ দিলীপ শইকীয়াৰ লগ লাগি তীখা প্ৰকল্পটো পুনৰ নিৰ্মাণৰ চেষ্টা চলাব বুলি জনায় নৱ নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷

এইবাৰ সম্পূৰ্ণ হ'ব বাইহাটাৰ অসম্পূৰ্ণ তীখা প্ৰকল্প

বাইহাটা,১১ জুনঃ শীঘ্ৰে বাইহাটা চাৰিআলিৰ দ গাঁও তীখা প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব নৱ নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই । লোকসভাৰ সাংসদ হৈ থকা সময়তে তীখা প্ৰকল্পটিৰ আধাৰশিলাৰ লগতে কিছু নিৰ্মাণ কাৰ্যও সম্পন্ন হৈছিল । কিন্তু ৰাজনৈতিক মেৰপাকত প্ৰকল্পটিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বিপৰীতে জহি খহিহে যাবলৈ ধৰে । সেয়ে এইবাৰ পুনৰ ৰাজ্য সভাৰ সাংসদ নিৰ্বাচিত হোৱাত লোক সভাৰ সাংসদ দিলীপ শইকীয়াৰ লগ লাগি পুনৰ নিৰ্মাণৰ চেষ্টা চলাব । বাইহাটাৰ পুঠিমাৰীত নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ।

এইবাৰ সম্পূৰ্ণ হ'ব বাইহাটাৰ অসম্পূৰ্ণ তীখা প্ৰকল্প

ABOUT THE AUTHOR

...view details