কামৰূপ, 28 জানুৱাৰী : 21 ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল সমূহৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজতো আৰম্ভ হৈছে আন এক যুদ্ধৰ ৷ কমলপুৰ সমষ্টিৰ পৰা বৰ্তমানৰ অগপৰ বিধায়ক সত্যব্ৰত কলিতাই পুনৰ সমষ্টিটোৰ 21 প্ৰাৰ্থীত্ব বিচাৰিব ৷ ইতিমধ্য এই সন্দৰ্ভত সাংবাদিকৰ আগত স্পষ্ট মন্তব্য প্ৰকাশ কৰিছে বিধায়ক সত্যব্ৰত কলিতাই ৷
বৃহস্পতিবাৰে কমলপুৰ বিধানসভা সমষ্টিটোৰ অন্তৰ্গত কলাজল চ'কত বিধায়ক গৰাকীয়ে অগপৰ এটি স্থায়ী কাৰ্য্যলয় উদ্বোধন কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে সমষ্টিটোৰ প্ৰায় দুই শতাধিক নেতা, কৰ্মী উপস্থিত থাকে ।
কাৰ্যালয়টো উদ্বোধন কৰিয়ে বিধায়ক সত্যব্ৰত কলিতাই সাংবাদিকক সম্বোধন কৰে ৷ তেওঁ কয়, কমলপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বাবে বিগত দিনত সকলো দিশৰ পৰা আঁচনি গ্ৰহণ কৰাৰ লগতে কাম কৰি অহা হৈছে ৷ সমষ্টিটোত অগপৰ স্থিতি বৰ্তমানে বহু শক্তিশালি বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷