বাইহাটা, 17 আগষ্টঃ আগন্তুক বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টি অগপৰ দখলত থকাটো এশ শতাংশ নিশ্চিত ৷ এই মন্তব্য সমষ্টিটোৰ বিধায়ক তথা অসম গণ পৰিষদ দলৰ উপ-সভাপতি সত্যব্ৰত কলিতাৰ ৷ অগপৰ দখলত থকা প্ৰতিটো সমষ্টি অগপই লাভ কৰাটোৱে মিত্ৰতাৰ প্ৰাথমিক চৰ্ত বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, সোমবাৰে কমলপুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ বিধায়কগৰাকীয়ে কয় যে, কমলপুৰত বিজেপিয়ে কোনো কাৰণতে আসন কাঢ়ি নিব নোৱাৰে ৷ আগন্তুক নিৰ্বাচনত অগপৰ সাংগঠনিক ভেটি মজবুত থকা মুঠ 40 টা সমষ্টি অগপ দলক এৰি দিবলৈ বিজেপিক হেঁচা প্ৰয়োগ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷