সমষ্টিবাসীলৈ 15 লাখ টকা অনুদান বিধায়ক সত্যব্ৰত কলিতাৰ - বিধায়ক সত্যব্ৰত কলিতা
কমলপুৰবাসীৰ সুবিধাৰ্থে সমষ্টি বিধায়কৰ পদক্ষেপ

সত্যব্ৰত কলিতা
কমলপুৰ, 31 মাৰ্চঃ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেবাজনো মন্ত্ৰী বিধায়কৰ দৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই দুৰ্গতসকলৰ বাবে ১৫ লাখ টকা অনুদান আগবঢ়াই ৷ তলাবন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সমষ্টিটোৰ লোকসকলে যাতে কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন নহয় সেই উদ্দেশ্যেৰে বিধায়ক পুঁজিৰ পৰা ১৫ লাখ টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে । ইয়াৰোপৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈও কিছু ধন আগবঢ়াব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ।
সত্যব্ৰত কলিতা