অসম

assam

ETV Bharat / state

শিলৰ কুঁৱেৰীৰ বিৰুদ্ধে সৰৱ বিধায়ক দিগন্ত কলিতা - শিল ভঙা ক্ৰেচাৰ

দেওবাৰে বাইহাটাৰ শিল ভঙা ক্ৰেচাৰ অৰ্থাৎ শিল কুঁৱেৰী আৰু ফ্লেভাৰ ব্লক নিৰ্মাণ কৰা উদ্যোগ পৰিদৰ্শন বিধায়ক দিগন্ত কলিতাৰ ৷ এই উদ্যোগটোৱে বৃহত্তৰ অঞ্চলবাসীক যমৰ যাতনা ভোগাই অহাৰ অভিযোগৰ অন্তত উদ্যোগটো সাময়িকভাৱে বন্ধ ৰখাৰ বাবে নিৰ্দেশ প্ৰদান বিধায়কগৰাকীৰ ৷

baihata-mla-diganta-kalita-sudden-visit
শিল কুঁৱেৰীৰ বিৰুদ্ধে সৰৱ বিধায়ক দিগন্ত কলিতা

By

Published : May 24, 2021, 12:20 PM IST

বাইহাটা,24 মে’ : কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিহদিয়াৰ জনবসতিপূৰ্ণ এলেকাত শিল ভঙা ক্ৰেচাৰ অৰ্থাৎ শিল কুঁৱেৰী আৰু ফ্লেভাৰ ব্লক নিৰ্মাণ কৰা এটি উদ্যোগে শেহতীয়াভাৱে বৃহত্তৰ অঞ্চলবাসীক যমৰ যাতনা ভোগাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ কৃষিভূমি আৰু একেবাৰে গাঁৱৰ মাজত উদ্যোগ কাৰখানাটো স্থাপন কৰাৰ ফলত শব্দ প্ৰদূষণ আৰু ধুলিয়ৰী সমস্যাই দেখা দিছে অঞ্চলবাসীৰ মাজত ৷

অভিযোগ অনুসৰি, দিনে নিশাই চলি থকা শিল কুঁৱেৰী মেচিনৰ কৰ্কশ শব্দৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে । গ্ৰাম্য অঞ্চলটোত শিল কুঁৱেৰী মেচিনৰ দৰে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপনৰ বাবে যাৱতীয় অনুমতি উদ্যোগটোৱে কেনেদৰে লাভ কৰিলে, সেই সন্দৰ্ভত অঞ্চলবাসীয়ে বাৰম্বাৰ কামৰূপ জিলা প্ৰশাসনক অভিযোগ দাখিল কৰিছিল যদিও এইক্ষেত্ৰত কোনো সুফল লাভ কৰা নাছিল অঞ্চলবাসীয়ে ।

সেয়ে অঞ্চলটোৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক অভিযোগ দাখিল কৰে । ‘QGREEN TECHCON PVT LTD’ নামৰ উদ্যোগটোৰ বিৰুদ্ধে এনে অভিযোগ লাভ কৰি দেওবাৰে উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সৈতে মিলি উদ্যোগ ক্ষেত্ৰটো পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ।

শিল কুঁৱেৰীৰ বিৰুদ্ধে সৰৱ বিধায়ক দিগন্ত কলিতা

উদ্যোগ ক্ষেত্ৰটো পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগটো সাময়িকভাৱে বন্ধ ৰখাৰ বাবে নিৰ্দেশ প্ৰদান কৰে । বিধায়কগৰাকীয়ে কয় যে, ৰাইজৰ অসুবিধা কৰি কোনোৱে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপন কৰিব নোৱাৰিব । ফ্লেভাৰ ব্লকৰ ইউনিটটো বন বিভাগৰ তদন্তৰ অন্তত খোলা-নোখোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে শিল কুঁৱেৰী মেচিনটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰোপৰি গ্ৰাম্য অঞ্চলটোত উদ্যোগ স্থাপনৰ বাবে পঞ্চায়তে কিহৰ ভিত্তিত আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰিলে, সেই সন্দৰ্ভতো তদন্ত কৰা হ’ব বুলি বিধায়ক দিগন্ত কলিতাই সংবাদ মাধ্যমক জানিব দিয়ে ।

লগতে পঢ়ক :আংশিক লকডাউনে জুৰুলা কৰিছে থলুৱা কৃষকক

ABOUT THE AUTHOR

...view details