অসম

assam

ETV Bharat / state

মৃতপ্ৰায় বাইহাটা চাৰিআলিৰ কেন্দুৱা গাঁৱৰ পানীযোগান আঁচনি - বাইহাটা চাৰিআলিৰ কেন্দুৱা গাঁৱৰ পানীযোগান আঁচনি বাতৰি

বগা হাতীত পৰিণত হৈছে বাইহাটা চাৰিআলিৰ কেন্দুৱা গাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনি ৷ বিগত প্ৰায় 7 বছৰে আঁচনিখন বন্ধ হৈ পৰাৰ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ পৰিছে গাঁওবাসী ৷

baihata Kendua Gaon water supply scheme
মৃতপ্ৰায় বাইহাটা চাৰিআলিৰ কেন্দুৱা গাঁৱৰ পানীযোগান আঁচনি

By

Published : Sep 16, 2020, 7:08 PM IST

কামৰূপ, 16 ছেপ্তেম্বৰঃ এটাৰ পিছত এটাকৈ বগা হাতীলৈ পৰিণত হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনিসমূহ ৷ বিভাগটোৱে কোটি কোটি টকা খৰচ কৰি পানীযোগান আঁচনিসমূহ নিৰ্মান কৰি উলিয়াইছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী ৷ আনহাতে,চৰকাৰী চাকৰিৰ আশাত বহু লোকে জনস্বাস্থ্য কাৰিকৰী বিভাগক মাটি দান কৰিছিল যদিও আজিকোপতি চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই এইসকল লোকে ।

মৃতপ্ৰায় বাইহাটা চাৰিআলিৰ কেন্দুৱা গাঁৱৰ পানীযোগান আঁচনি

এনে এক মৃতপ্ৰায় পানীযোগান আঁচনি হ’ল বাইহাটা চাৰিআলিৰ কেন্দুৱা গাঁৱৰ পানীযোগান আঁচনি ৷ গাঁওবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি আঁচনিখনৰ বাবে ভূমি দান কৰিছিল ৷ কিন্তু মাত্ৰ এবছৰ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ পিছতেই বিকল হৈ পৰে পানীযোগান আঁচনিখন ৷ বিগত প্ৰায় 7 বছৰে আঁচনিখন বন্ধ হৈ পৰাৰ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ পৰিছে গাঁওবাসী ৷ আনহাতে,আঁচনিখনৰ ভৱন আৰু যন্ত্ৰ-পাতিসমূহো একপ্ৰকাৰৰ ধ্বংসপ্ৰাপ্ত হৈছে ৷ সেয়েহে অতিশীঘ্ৰে এই আঁচনিখন পুনৰ কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

...view details