অসম

assam

ETV Bharat / state

Baihata Youth Dead : মাছ মাৰিবলৈ গৈ খালত পৰি মৃত্যু বাইহাটাৰ যুৱকৰ - Baihata kamalpur youth death fell into pond

সমনীয়াৰ সৈতে পথাৰত মাছ মাৰিবলৈ গৈছিল যুৱকজনে । মাছ মাৰিবলৈ যাওঁতেই অসাৱধানতাবশত সলিল সমাধি ঘটে ২৫ বছৰীয়া যুৱকজনৰ । বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । নিহত যুৱকজনৰ নাম নিলোৎপল শৰ্মা (Baihata Chariali youth died fell into pond)

a
a

By

Published : Jul 19, 2022, 2:03 PM IST

বাইহাটা চাৰিআলি, ১৯ জুলাই :বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (tragic incident at Baihata Chariali) । বাইহাটা চাৰিআলিৰ কমলপুৰ অঞ্চলত সংঘটিত হয় শোকাৱহ ঘটনাটো । উক্ত ঘটনাত অকাল মৃত্যুক সাবটি ল'বলগা হয় এজন যুৱকে । ফলত সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পৰিছে ।

ঘটনাৰ বিৱৰণী মতে, সমনীয়াৰ সৈতে পথাৰত মাছ মাৰিবলৈ গৈছিল যুৱকজনে । মাছ মাৰিবলৈ যাওঁতেই অসাৱধানতাবশত সলিল সমাধি ঘটে ২৫ বছৰীয়া যুৱকজনৰ । বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । নিহত যুৱকজনৰ নাম নিলোৎপল শৰ্মা (Baihata kamalpur youth death fell into pond) ।

নিলোৎপল শৰ্মাই লগৰীয়াৰ সৈতে পথাৰলৈ মাছ মাৰিবলৈ গৈছিল । কিন্তু হঠাতে দ' খাল এটাত পৰি যায় নিলোৎপল । লগৰীয়াৰ কথা নুশুনি সহজ পথ লোৱাৰ ফলতে উক্ত ঘটনাটো ঘটা বুলি প্ৰকাশ । আনহাতে, উক্ত কৰুণ দৃশ্যৰ চাক্ষুস সাক্ষী হৈ ৰয় লগৰীয়াজন । ইফালে ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীক খবৰ দিয়াত কিছু সময়ৰ পিছতে কমলপুৰ আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বাহিনীৰ লোক উপস্থিত হয় ।

কিন্তু পৰিতাপৰ কথা যে তেওঁলোকৰ লগত ডুবাৰু নথকাত উদ্ধাৰ অভিযানত নামিব পৰা নাছিল । তাৰ পিছত মঙলদৈৰ পৰা অহা ডুবাৰুৱেহে পানীত নামি নিশাৰ ভাগত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Body recovered by SDRF) । লক্ষণীয় কথা এয়ে যে ইমান ডাঙৰ এছ ডি আৰ এফ বাহিনীটো থকাৰ পিছতো কামৰূপ জিলাত ডুবাৰু নথকাত মঙলদৈৰ পৰা আনিবলগীয়া হয় । তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, পানীত পৰাৰ কথা অৱগত কৰোৱাৰ পিছতো দলটোৱে কিয় ডুবাৰু লগত লৈ যোৱা নাছিল তাকে লৈও ক্ষোভিত হয় ৰাইজ ।

লগতে পঢ়ক :Road accident : বোকাখাতত পথ দুৰ্ঘটনাত নিহত এজন

ABOUT THE AUTHOR

...view details