কামৰূপ,27 জানুৱাৰী: মানৱ সমাজক ভূ-লুণ্ঠিত কৰা পুনৰ এক ঘটনা সংঘটিত হৈছে এইখন অসমত । কামৰূপৰ কমলপুৰ থানাৰ অন্তৰ্গত ৰাইপাট গাঁৱত উদ্ধাৰ হৈছে এটি সদ্যজাত কন্যা শিশু । কোনো পাষাণ্ড পিতৃ-মাতৃয়ে কলংক মোচনৰ বাবে পথৰ দাঁতিত পেলাই থৈ যায় কন্যা শিশুটিক ৷ স্থানীয় ৰাইজৰ তৎপৰতাত শিশুটি উদ্ধাৰ কৰি খবৰ দিয়া হয় আৰক্ষীক ৷ বৰ্তমান শিশুটিক 108সেৱাৰ জৰিয়তে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷
কামৰূপত উদ্ধাৰ এটি দেৱশিশু - আৰক্ষী
কামৰূপৰ ৰাইপাট গাঁৱত উদ্ধাৰ এটি কন্যা শিশু ৷ কোনো পাষাণ পিতৃ-মাতৃয়ে নিজৰ কলংক সমাজৰ পৰা আঁতৰাবলৈ এই ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে ৷

কামৰূপত উদ্ধাৰ এটি দেৱশিশু