অসম

assam

ETV Bharat / state

চিকিৎসালয়ৰ ভিতৰতে মদ্যপান কৰি কৰ্তব্য পালন চিকিৎসাকৰ্মীৰ - MLA Diganta Kalita

কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ লেব’ৰেটৰি টেকনিচিয়ান (Lab Technician)গৰাকীয়ে দীৰ্ঘদিন ধৰি নিতৌ চিকিৎসালয়ৰ ভিতৰতে মদ্যপান কৰি কৰ্তব্য কৰি আহিছে ৷ বিধায়ক দিগন্ত কলিতাৰ হৈ স্বাস্থ্য বিভাগ পৰ্যবেক্ষণৰ দায়িত্বত থকা প্ৰণৱ কলিতাই হাতে লোটে ধৰা পেলায় মহিলাগৰাকীক ।

মদ খাই কৰ্তব্য পালন চিকিৎসা কৰ্মীৰ
মদ খাই কৰ্তব্য পালন চিকিৎসা কৰ্মীৰ

By

Published : Jul 13, 2021, 4:09 PM IST

বাইহাটা, 13 জুলাই :কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এগৰাকী চিকিৎসা কৰ্মীয়ে মদ খাই কৰ্তব্য পালন কৰাৰ অভিযোগ উত্থাপন হৈছে । বৰ্তমান এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মহিলা কৰ্মচাৰীগৰাকীয়ে মদৰ ৰাগীত মাতাল হৈ হাস্পতালত কৰ্তব্য কৰি থকাৰ কথা স্বীকাৰ কৰিছে চিকিৎসালয়খনৰ উপ অধীক্ষকে । কিন্তু সকলো জানিও চিকিৎসালয়ৰ উপ অধীক্ষকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাই এতিয়া সন্দেহৰ সৃষ্টি কৰিছে ৷

তাৎপৰ্যপূৰ্ণ যে, চিকিৎসালয়খনৰ ভিতৰত পৰি আছে মদৰ খালি বটল । লেব’ৰেটৰি টেকনিচিয়ান (Lab Technician)গৰাকীয়ে দীৰ্ঘদিন ধৰি নিতৌ চিকিৎসালয়ৰ ভিতৰতে মদ্যপান কৰি কৰ্তব্য কৰি আহিছে । মহিলা কৰ্মচাৰীগৰাকীৰ সকলো গতিবিধি লক্ষ্য কৰি আছিল বিধায়ক দিগন্ত কলিতা (MLA Diganta Kalita)ৰ হৈ স্বাস্থ্য বিভাগ পৰ্যবেক্ষণৰ দায়িত্বত থকা প্ৰণৱ কলিতাই । দীৰ্ঘদিনৰ পৰ্যবেক্ষণৰ অন্তত সোমবাৰে চিকিৎসালয়খনত মহিলাগৰাকীয়ে মদ খাই কৰ্তব্য কৰি থকা ধৰা পেলায় প্ৰণৱ কলিতাই ।

মদ খাই কৰ্তব্য পালন চিকিৎসা কৰ্মীৰ

মহিলাগৰাকীৰ ওচৰতে থকা নব মজুমদাৰ নামৰ আন এগৰাকী কৰ্মচাৰীয়ে সহযোগ কৰে বুলি অভিযোগ কৰে প্ৰণৱ কলিতাই । আনহাতে মহিলাগৰাকীয়ে মদ খাই কৰ্তব্য কৰি থকা বুলি বিজেপি কাৰ্যকৰ্তাগৰাকীয়ে চিকিৎসালয়খনৰ উপ অধীক্ষকক সকলো কথা অৱগত কৰাত তেওঁ দায় সৰা মন্তব্য দিয়ে বুলি অভিযোগ কৰে ।

আনহাতে, কেমেৰাৰ সন্মুখত উপ অধীক্ষক গৰাকীয়ে মহিলা লেব’ৰেটৰি টেকনিচিয়ান (Lab Technician)গৰাকীয়ে পূৰ্বৰে পৰা মদ খাই কৰ্তব্য পালন কৰাৰ কথা জানে বুলি উল্লেখ কৰে । উপ অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি পাঁচদিন পূৰ্বে মহিলাগৰাকীয়ে গা ভাল নহয় বুলি তেওঁক অৱগত কৰাত উপ অধীক্ষকগৰাকীয়ে তেওঁক কৰ্তব্যত আহিবলৈ মানা কৰে । কিন্ত হঠাৎ আজি কৰ্তব্যত যোগদান কৰি পুনৰ মদ খাই কৰ্তব্য কৰাৰ কথাও উল্লেখ কৰে উপ অধীক্ষকগৰকীয়ে । তেওঁ লগতে সমগ্ৰ ঘটনাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :দুখন নতুন অভয়াৰণ্য গঠনৰ বাবে মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ নেচাৰ্ছ বেকনৰ

ABOUT THE AUTHOR

...view details