বাইহাটা,20 জুন : ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে জলসিঞ্চন বিভাগ ৷ এই জলসিঞ্চন বিভাগটোৱে কৃষক ৰাইজৰ বাবে কোটি কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছে ৷ কিন্তু প্ৰায়সংখ্যক আঁচনিতে বিয়াগোম কেলেংকাৰী তথা উপযুক্ত স্থানত নিৰ্মাণ নকৰাৰ বাবেই কৃষক ৰাইজ উপকৃত নোহোৱা বুলি বিভিন্ন বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে ৷ ঠিক একেদৰে কামৰূপ জিলাৰ দৰং সীমান্তৰ বৰনৈতো 2011 চনতে জলসিঞ্চন বিভাগৰ শুক্লাই সংমণ্ডলৰ অধীনত ঔতলাত নিৰ্মাণ কৰিছিল এটা জলসিঞ্চন আঁচনি ৷
প্ৰায় 10 টা বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে আঁচনিখনৰ পৰা এটোপাল পানী নাপালে বুলি সাংবাদিকৰ আগত অভিযোগ কৰিছিল স্থানীয় ৰাইজে ৷ ইপিনে এই সন্দৰ্ভত সবিস্তাৰে (ETV BHARAT) ইটিভি ভাৰতত বাতৰি প্ৰকাশ পোৱাৰ পাচতে শুক্লাই সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ গা লৰিল ৷ দেওবাৰে আঁচনিখন পৰিদৰ্শনৰ বাবে পুৱা ঠিকাদাৰ সহিতে উপস্থিত হয় বিষয়া-কৰ্মচাৰী । উল্লেখযোগ্য যে, প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিৰ পৰা কৃষক ৰাইজ উপকৃত হোৱা নাই ৷