বাইহাটা,27 মে’: কমলপুৰ বিধানসভা সমষ্টিৰ ভিতৰখোলা কাটনিপাৰা অঞ্চলৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰা দিশে ৷ জানিব পৰা মতে, 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত কেইবাখনো গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি খোৱা পানীৰ সমস্যাৰ বাবে কৰিব লগীয়া হৈছিল আৰ্তনাদ । তাৰ মাজতে অঞ্চলবাসীৰ এই সমস্যা সমাধানৰ উদ্দেশ্যে অঞ্চলটোত উপস্থিত হয় কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ।
উল্লেখযোগ্য যে, বিধায়ক কলিতাৰ বিশেষ তৎপৰতাত আৰু ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কাটনিপাৰা আৰু ভিতৰখোলা নামৰ এই দুখন গাঁৱত দুখনকৈ আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক দিগন্ত কলিতাই । প্ৰায় এক কৌটি 5 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাটনিপাৰা পানী যোগান আঁচনিয়ে গাঁওদুখনৰ প্ৰায় 192 টা পৰিয়ালক সামৰি ল'ব ।