অসম

assam

ETV Bharat / state

বস্ত্ৰ শিল্পৰে জড়িত হৈ উন্নতিৰ পথ প্ৰশস্ত কৰা ৰাজেশ্বৰ নাথৰ সাফল্যৰ কাহিনী

নৱবৰ্ষৰ প্ৰথম দিনটোতো ব্যস্ততাৰ অন্ত নাই বাইহাটা চাৰিআলিৰ দালাং গাঁও নিবাসী ৰাজেশ্বৰ নাথৰ । প্ৰায় ১২ বছৰ পূৰ্বে পাটৰ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল উদ্যমী যুৱকজনে । নিজে স্বাৱলম্বী হোৱাৰ লগতে এতিয়া বহু মহিলাক আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ দিছে ৰাজেশ্বৰ নাথে ।

বস্ত্ৰ শিল্পৰে জড়িত হৈ উন্নতিৰ পথ প্ৰশস্ত কৰা ৰাজেশ্বৰ নাথৰ সাফল্যৰ কাহিনী
বস্ত্ৰ শিল্পৰে জড়িত হৈ উন্নতিৰ পথ প্ৰশস্ত কৰা ৰাজেশ্বৰ নাথৰ সাফল্যৰ কাহিনী

By

Published : Jan 1, 2021, 4:34 PM IST

বাইহাটা, ১ জানুৱাৰী: কেৱল বস্ত্ৰ নগৰী শুৱালকুছিতে নহয়, এতিয়া বাইহাটা চাৰিআলিতো দিনে-নিশাই শুনিবলৈ পোৱা যায় তাঁতশালৰ খিটিক খিটিক শব্দ । বাইহাটা চাৰিআলিৰ দালাং গাঁৱত প্ৰায় ১২ বছৰ আগতে ৰাজেশ্বৰ নাথ নামৰ যুৱক এজনে ২ খন তাঁতশালেৰে পাট কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল । বহু কষ্ট কৰি নিজৰ ব্যৱসায়ক উন্নতিৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে ৰাজেশ্বৰ নাথে ।

বস্ত্ৰ শিল্পৰে জড়িত হৈ উন্নতিৰ পথ প্ৰশস্ত কৰা ৰাজেশ্বৰ নাথৰ সাফল্যৰ কাহিনী

এতিয়া তেওঁ উদ্যোগটোত ৪৪ খন তাঁতশালত শিপিনীয়ে কাপোৰ বয় । এই ব্যৱসায়ৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ বহু নিপুণ শিপিনীক স্ব-নিৰ্ভৰশীল হোৱাৰ প্ৰেৰণা দি নিজৰ উদ্যোগৰ কামত নিয়োগ কৰিছে । এইসকল শিপিনীৰ হাতৰ পৰশত সুন্দৰ পাট কাপোৰ তৈয়াৰ হৈছে ৰাজেশ্বৰ নাথৰ উদ্যোগটোত । কৰ'ণা মহামাৰীৰ বাবে ব্যৱসায়ত কিছু ব্যঘাত জন্মে যদিও বৰ্তমান পুনৰ ন উদ্যমেৰে কাম কৰিছে ৰাজেশ্বৰ নাথৰ লগতে শিপিনীসকলেও ।

আনকি বছৰৰ প্ৰথমটো দিনটোতো শিপিনী সকলৰ সৈতে ব্যস্ত হৈ আছে ৰাজেশ্বৰ নাথ । ৰাজেশ্বৰ নাথক অনুসৰণ কৰি গাঁওখনৰ বহু ব্যক্তিয়ে এতিয়া পাটৰ কাপোৰ ব্যৱসায় আৰম্ভ কৰিছে । গাঁওখনৰ প্ৰতিঘৰতে আছে ৪-৫ খনকৈ তাঁতশাল । বস্ত্ৰ শিল্পৰ সৈতে জড়িত হৈ আৰ্থিক উন্নয়নৰ প্ৰয়াস কৰিছে দালাং গাঁৱৰ ৰাইজে ।


লগতে পঢ়ক:লক্ষ্ণৌত 10 লাখ টকা কাঢ়ি পলায়ন সুৰাপায়ী যুৱকৰ দলৰ

ABOUT THE AUTHOR

...view details