বাইহাটা, 26 ছেপ্তেম্বৰ:স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিত সমাজ কল্যাণ বিভাগৰ উন্নয়নৰ এক নমুনা ৷ ভুত বাংলালৈ পৰিণত হৈছে বাইহাটা চাৰিআলিত দুবছৰ ধৰি নিৰ্মীয়মান অৱস্থাত পৰি থকা অংগনৱাড়ী কেন্দ্ৰটো ৷ স্বয়ং স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে সমাজ কল্যাণ বিভাগৰ এনে কাণ্ডত এতিয়া ক্ষুদ্ধ স্থানীয় জনসাধাৰণ ৷ প্ৰায় 7.5 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অংগনৱাড়ী কেন্দ্ৰটি বৰ্তমান অসম্পূৰ্ণ আৰু পৰিতক্ত অৱস্থাত পৰি থকাৰ বাবে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে এই অংগনৱাড়ী কেন্দ্ৰটো সম্পূৰ্ণ কৰি মুকলাই দিবলৈ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে ৷
বেজেৰাত ভূত বাংলা ! - Incomplete Anganabadi Centre
দুবছৰে সম্পূৰ্ণ নহল কামৰূপ জিলাৰ বেজেৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত 7.5 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰ ৷ ফলত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷
![বেজেৰাত ভূত বাংলা ! বাইহাটা চাৰিআলিত সমাজ কল্যাণ বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8946950-151-8946950-1601126937560.jpg)
উল্লেখ্য যে, কণ কণ শিশু সকলৰ শাৰীৰিক, মানসিক আৰু পৰিপুষ্টি সাধনৰ বাবে 2019-20 বিত্তীয় বৰ্ষত কামৰূপ জিলাৰ বেজেৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই অংগনবাড়ী কেন্দ্ৰটি ৷ কিন্তু নিৰ্মাণৰ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো অসম্পুৰ্ন হৈ থাকিল 7.5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটো ৷ ভাৰত চৰকাৰে এম এছ ডি পি আচনিৰ যোগেদি সমাজ কল্যাণ বিভাগৰ অধীনত থকা অংগনৱাড়ী কেন্দ্ৰ সমূহ আধুনিক ৰূপত নিৰ্মাণ কৰিবলৈ কোটি কোটি টকা আৱণ্টন দিলে যদিও কিন্তু দুবছৰে অসম্পূৰ্ণ হৈ ৰ'ল কেন্দ্ৰটো ৷ যাৰ বাবে ব্যৱহাৰৰ অনুপযুক্ত হৈ হাবি জংঘলেৰে আৱৰি কেন্দ্ৰটোত এক জয়াল পৰিবেশে বিৰাজ কৰিছে ৷
লগতে পঢ়ক:SI নিযুক্তি কেলেংকাৰীঃ নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কুলদ্বীপ ৰাজবংশী