বাইহাটা, 20 নৱেম্বৰঃঅবৈধ কাঠফলা মিলৰ বিৰুদ্ধে তৎপৰ হৈছে বনবিভাগ ৷ অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে কাঠফলা মিল স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলায় থকা একাংশ লোকৰ বিৰুদ্ধে বুধবাৰে চলিল বনবিভাগৰ অভিযান ৷ ৰঙিয়া বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ পৰা যোৱা বনবিভাগৰ এটা দলে বাইহাটাত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। দণ্ডাধীশ সুৰজিৎ বৰাৰ উপস্থিতিত বন বিভাগৰ কৰ্মচাৰীয়ে কমলপুৰৰ নিকটৱৰ্তী দগাঁৱত অভিযান চলাই জব্দ কৰে এটা অবৈধ কাঠ ফলা মিল। লগতে অভিযানকাৰী দলটোৱে বাইহাটা চাৰিআলিৰ ভিন্ন প্ৰান্তত থকা অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধেও অভিযান চলাব বুলিও উল্লেখ কৰে ।
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বাইহাটাত অভিযান - Baihata illegal timber mil seized, kamrup rural, assam
বাইহাটাত অবৈধভাৱে কাঠফলা মিল স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলায় থকা একাংশ লোকৰ বিৰুদ্ধে বুধবাৰে চলিল বনবিভাগৰ অভিযান ৷ অভিযানত এটা অবৈধ কাঠফলা মিল ৷
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বাইহাটাত অভিযান