অসম

assam

ETV Bharat / state

বহি:ৰাজ্যৰ চোৰে নিদ্ৰাহৰণ কৰিছে ৰাজ্যবাসীক - বহি:ৰাজ্যৰ চোৰ

চোৰৰ টাৰ্গেট এতিয়া লাখটকীয়া আইফোন । সময় সুবিধা অনুযায়ী এফালৰ চোৰে চলাইছে চাফাই অভিয়ান ৷ বিলাসী হোটেলত বাহৰ পাতি চুৰি কাৰ্যত লিপ্ত হোৱা বুলি জানিবপৰা গৈছে ৷

বহি:ৰাজ্যৰ চোৰে নিদ্ৰাহৰণ কৰিছে ৰাজ্যবাসীক
বহি:ৰাজ্যৰ চোৰে নিদ্ৰাহৰণ কৰিছে ৰাজ্যবাসীক

By

Published : Feb 4, 2021, 6:04 PM IST

চাংসাৰি, 4 ফেব্ৰুৱাৰী: বহি:ৰাজ্যৰ চোৰৰ তাণ্ডৱত সম্প্ৰতি নিদ্ৰাহৰণ কৰিছে ৰাজ্যবাসীক । চোৰৰ টাৰ্গেট এতিয়া লাখটকীয়া আইফোন৷ প্ৰতিদিনেই সময় সুবিধা আৰু পৰিস্থিতিৰ সদব্যৱহাৰ কৰি এফালৰ পৰা চোৰে চলাই নিছে চাফাই অভিযান ৷ দুজন বহি:ৰাজ্যৰ চোৰে বিলাসী হোটেলত বাহৰ পাতি এই দুস্কাৰ্য্য কৰা চোৰ দুজন এইবাৰ চাংসাৰিৰ টোলগেটত ধৰা পৰে ।

বহি:ৰাজ্যৰ চোৰে নিদ্ৰাহৰণ কৰিছে ৰাজ্যবাসীক

উল্লেখ্য যে, হোটেল ৰেডিছন ব্লুত বাহৰ পতা পশ্চিম বংগৰ মাৰুবালীৰ ৰফিকুল আলম আৰু কামালুদ্দিন আহমেদে ইতিমধ্যে গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা ৫টাতকৈও অধিক লাখটকীয়া আইফোন চোৰ কৰিছিল ৷ ইপিনে আটকধীন ধৃত চোৰ দুজনক চাংসাৰি থানাৰ পৰা ইতিমধ্যে গড়চুক থানালৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details