বাইহাটা,7 জুন: অসমত আলংকাৰিক মাছ(Ornamental fish)ৰ যথেষ্ট সম্ভাৱনীয়তা আছে । কিয়নো অসমত বৰ্তমান আলংকৰিক মাছৰ ২১৬ টা প্ৰজাতি আছে । তাৰে ভিতৰত ১৫০ বিধ মাছৰ প্ৰজাতিৰে আলংকাৰিক গুণ আছে আৰু ইয়াৰে ৫০ বিধ মাছৰ আন্তৰ্জাতিক আলংকাৰিক মৎস্য বজাৰত যথেষ্ট চাহিদা আছে । সেয়ে অসমৰ বিল বা প্ৰাকৃতিক জলাশয়সমূহত বিভিন্ন আলংকাৰিক মৎস্যৰ প্ৰজাতি থকা বুলি উল্লেখ কৰে ফিচফেডৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই ।
কামৰূপৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী ঐতিহাসিক গোপেশ্বৰ দেৱালয় আৰু পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত মাছৰ পোণা এৰি দিয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে পৰিচালন সঞ্চালক গৰাকীয়ে । অসমত থকা এই বিভিন্ন প্ৰজাতিৰ মৎস্য প্ৰজাতিসমূহক লৈ মীন বিভাগে আমৰংগাত আলংকাৰিক মৎস্য গৱেষণা আৰু প্ৰজনন কেন্দ্ৰ(Fisheries Research and Breeding Center) স্থাপন কৰি কাম আৰম্ভ কৰা বুলিও উল্লেখ কৰে পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই ।