বাইহাটা,1জুলাইঃমহামাৰী কৰ‘ণা ভাইৰাছ আৰু লক ডাউনৰ বাবে বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি ইপিনে খাতি খোৱা জনতা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে লক্ ডাউনৰ প্ৰভাৱত। ইফালে বহিঃৰাজ্যত কাম কৰা লক্ষ লক্ষ শ্ৰমিক কৰ্মচাৰী নিজ গৃহ ৰাজ্যলৈ উভতি অহাৰ ফলত ভয়াবহ নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত নিপুনতা থকা হেজাৰ হেজাৰ যুৱকৰ প্ৰতিভাৰ সঠিক প্ৰয়োগ নোহোৱাৰ পৰ্যায়ত উপনীত হৈছে । এনে যুৱ প্ৰতিভা সমূহ মৰহি যোৱাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য এক অভিলাষী প্ৰয়াস গ্ৰহণ কৰিছে কামৰূপ জিলাৰ বি আৰ গ্ৰুপ নামৰ সংস্থাটোৱে।
বিশিষ্ট ব্যৱসায়ী কনক ডেকাৰ নেতৃত্বত সংস্থাটোৱে বহিঃৰাজ্যৰ পৰা উভতি অহা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভা থকা যুৱক সকলক চিনাক্ত কৰি সেইসকলক উৎপাদনমুখী কৰি গঢ়ি তোলাৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অংশ স্বৰূপে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ক'লাজলত বি আৰ গ্ৰুপৰ মুখ্য কাৰ্যালয়ত এটি ৱেবছাইট মুকলি কৰা হয় । বিশিষ্ট ব্যৱসায়ী কনক ডেকাই বুটাম টিপি ৱেবছাইটো মুকলি কৰি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, বি আৰ গ্ৰুপৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিভাসম্পন্ন যুবক যুৱতী সকলক এই ৱেবছাইটটোৰ জৰিয়তে চিনাক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বি আৰ গ্ৰুপ এন ই ডট কম নামৰ ৱেবছাইটটোত বহিঃৰাজ্যৰ পৰা উভতি অহা প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকলৰ লগতে নিজ নিজ ক্ষেত্ৰত দক্ষতা থকা স্থানীয় যুৱক-যুৱতী সকলে নিজৰ চি ভি আপলোড কৰিব পাৰিব । সেইমৰ্মে প্ৰতিভাৰ ক্ষেত্ৰসমুহ চিনাক্ত কৰি বি আৰ গ্ৰোপৰ তৰফৰ পৰা যুৱক-যুৱতী সকলক উৎপাদনমুখী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।