অসম

assam

কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বৰ্গীয় মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ

By

Published : Feb 27, 2020, 6:27 PM IST

প্ৰাক্তন বিধায়ক তথা মুক্তি যুজাৰু স্বৰ্গীয় মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ অনুষ্ঠানত উপস্থিত থাকি, মুক্তি যুজাৰু গৰাকীৰ নামত পথৰ নামাকৰণ কৰাৰ বাবে অসম চৰকাৰ আৰু মুক্তি যুজাৰু সন্মিলনীক ধন্যবাদ জনোৱাৰ লগতে নতুন ৰাজনৈতিক দল গঠন সম্পৰ্কত সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰে কমলপুৰ সমষ্টিৰ স্থানীয় বিধায়ক সত্যব্ৰত কলিতাই ৷

মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ
মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ

বাইহাটা চাৰিআলি, 27 ফেব্ৰুৱাৰীঃবাইহাটা চাৰিআলিৰ কৰৰাত মুক্তিযুজাৰু তথা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বৰ্গীয় মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ কৰা হয় ৷ এই সম্পৰ্কত অনুষ্ঠিত এক কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ স্থানীয় বিধায়ক সত্যব্ৰত কলিতা ৷ অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন বিধায়ক তথা মুক্তি যুঁজাৰু গৰাকীৰ নামত এটি পথৰ নামাকৰণ কৰাৰ বাবে অসম চৰকাৰ আৰু মুক্তি যুজাৰু সন্মিলনীক ধন্যবাদ জনোৱাৰ লগতে নতুন বিটিএডি নিৰ্বাচন আৰু নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন সম্পৰ্কত সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰে স্থানীয় বিধায়ক গৰাকীয়ে ৷

প্ৰাক্তন বিধায়ক স্বৰ্গীয় মথুৰা ডেকাৰ নামত এটি পথৰ নামাকৰণ

ABOUT THE AUTHOR

...view details