বাইহাটা,20 নৱেম্বৰঃ আঘোণ মাহ পৰিলেই আনন্দৰে উপচি পৰে চহা কৃষকৰ মন ৷ আঘোণ মাহতেই পথাৰসমূহ ভৰি পৰে সোণ বৰণীয়া ধাননীৰে ৷ পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত হৈ পৰে দাৱনি সকল ৷ সেই একে দৃশ্য দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱতো ৷ গাঁওখনৰ ডেকা বুঢ়া সকলো একেলগে মিলি ধান চপোৱাত ব্যস্ত হৈ পৰিছে ৷
পথাৰত সোণগুটি চপোৱাত ব্যস্ত বাইহাটাৰ চহা কৃষক
আঘোণ মাহতেই পথাৰসমূহ ভৰি পৰে সোণ বৰণীয়া ধাননীৰে ৷ পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত হৈ পৰে দাৱনি সকল ৷ সেই একে দৃশ্য দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱতো ৷ গাঁওখনৰ ডেকা বুঢ়া সকলো একেলগে মিলি ধান চপোৱাত ব্যস্ত হৈ পৰিছে ৷
পথাৰত সোণগুটি চপোৱাত ব্যস্ত বাইহাটাৰ চহা কৃষক
কিন্তু গাঁওখনত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰতে বছৰ বছৰ ধৰি নিৰ্ভৰশীল হৈ আহিছে কৃষকসকল ৷ সেয়েহে পথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক-কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা