অসম

assam

ETV Bharat / state

বাইহাটাত কোভিড-19 আক্ৰান্ত মহকুমা স্বাস্থ্য বিষয়া

২৯ মে'ত স্ৱাৱ সংগ্ৰহৰ পাছত ২ জুনত লোকজনৰ দেহত কৰ'ণা উপস্থিতি ধৰা পৰে । বৰ্তমান স্বাস্থ্য বিভাগে এমএমচিএইচলৈ প্ৰেৰণ কৰিছে লোকজনক ।

Baihata Covid 19 positive patient etv Bharat Assam
বাইহাটা চাৰিআলিত Covid 19 ত আক্ৰান্ত এজন

By

Published : Jun 2, 2020, 5:57 PM IST

কামৰূপ, 2 জুনঃকামৰূপৰ বাইহাটা চাৰিআলিত Covid 19-ত আক্ৰান্ত হয় স্বাস্থ্য বিভাগৰ এজন লোক । জানিব পৰা মতে, ২৭ মে'ৰ পৰা হোম কোৱাৰেন্টাইনত আছিল লোকজন । ২৯ মে'ত স্ৱাৱ সংগ্ৰহৰ পাছত ২ জুনত লোকজনৰ দেহত কৰ'ণা উপস্থিতি ধৰা পৰে । বৰ্তমান স্বাস্থ্য বিভাগে এমএমচিএইচলৈ প্ৰেৰণ কৰিছে লোকজনক ।

বাইহাটা চাৰিআলিত Covid 19 ত আক্ৰান্ত এজন

লগতে পঢ়কঃপুনৰায় Covid 19ত আক্ৰান্ত ৰাজ্যৰ এগৰাকী চিকিৎসক

উল্লেখ্য যে, বিহদিয়াা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ছেনিটাৰি পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল লোকজন । ২৭ মে'ৰ নিশা এজন কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ আহিছিল লোকজন । সেয়ে হোম কোৱাৰেন্টাইন কৰা হৈছিল মহকুমা স্বাস্থ্য বিষয়াগৰাকীক ।

For All Latest Updates

ABOUT THE AUTHOR

...view details