বাইহাটা,16 মাৰ্চ :ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ বিভিন্ন ইচ্ছ্যু লৈ প্ৰাৰ্থীসকলে প্ৰচাৰ চলাইছে সমষ্টিয়ে সমষ্টিয়ে ৷ তাৰ মাজতে কামৰূপ জিলাৰ 56 নং কমলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাযোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই টোলগেটৰ ইচ্ছ্যু লৈ আগবাঢ়িছে ৰাইজৰ মাজলৈ ৷ কিশোৰ ভট্টাচাৰ্যৰ দাবী টোলগেটৰ বাবে সমষ্টিটোৰ ৰাইজ ভয়ংকৰ বাবে ক্ষতিগ্ৰস্থ হৈ আহিছে ৷
টোলগেটৰ ইচ্ছ্যুৰে ৰাইজৰ কাষ চাপিছে কিশোৰ ভট্টাচাৰ্যই - টোলগেট ইচ্ছ্যু
বিভিন্ন ইচ্ছ্যু লৈ প্ৰাৰ্থীসকলে প্ৰচাৰ চলাইছে সমষ্টিয়ে সমষ্টিয়ে ৷ তাৰ মাজতে কামৰূপ জিলাৰ 56 নং কমলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাযোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই টোলগেটৰ ইচ্ছ্যু লৈ আগবাঢ়িছে ৰাইজৰ মাজলৈ ৷ কিশোৰ ভট্টাচাৰ্যৰ দাবী টোলগেটৰ বাবে সমষ্টিটোৰ ৰাইজ ভয়ংকৰ বাবে ক্ষতিগ্ৰস্থ হৈ আহিছে ৷

টোলগেটৰ ইচ্ছ্যুৰে ৰাইজৰ কাষ চাপিছে কিশোৰ ভট্টাচাৰ্যই
টোলগেটৰ ইচ্ছ্যুৰে ৰাইজৰ কাষ চাপিছে কিশোৰ ভট্টাচাৰ্যই
সেয়েহে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে আৰু তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হ'লে টোলগেট সম্পৰ্কে পৰ্যালোচনা কৰি সকাহ দিব সমষ্টিটোৰ ৰাইজক ৷ প্ৰাৰ্থী গৰাকীৰ দাবী বিৰোধী দলৰ প্ৰাৰ্থীক কোনো ৰাজনৈতিক আক্ৰমণ নকৰাকৈ কৌশল পূৰ্ণ অংকৰে তেওঁৰ বিজয় নিশ্চিত ৷ ইফালে নিৰ্বাচনী সভাত AGP BJPৰ বহু সদস্যই যোগদান কৰে কংগ্ৰেছত ৷ কংগ্ৰেছ দলত যোগদান কৰা প্ৰায় শতাধিক কৰ্মীক আদৰণি জনাই কিশোৰ ভট্টাচাৰ্যই।
Last Updated : Mar 16, 2021, 12:51 PM IST