বাইহাটা, 19 জানুৱাৰীঃকামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদৈপখিয়াৰ হিমানজ্যোতি দাস নামৰ কিশোৰ গৰাকীয়ে, সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ডেৰাডুনত দুদিনীয়া কাৰ্যসূচীৰে 'মনো অভিনয় সাংস্কৃতিক কলা সংস্থান'নে অনুষ্ঠিত কৰা'চান ৰং মহোৎৱ'ত আধুনিক নৃত্য প্ৰতিযোগিতাত হিমানজ্যোতিয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিলে কমলপুৰৰ হিমানজ্যোতিয়ে - চান ৰং মহোৎৱ
ডেৰাডুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এক সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে, কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদৈপখিয়াৰ হিমানজ্যোতি দাস নামৰ কিশোৰ গৰাকীয়ে ৷
হিমানজ্যোতি দাস
বৰদৈপখিয়া গাঁৱৰ সমীন চন্দ্ৰ দাস আৰু চুমি শইকীয়া দাসৰ সন্তান হিমানজ্যোতিয়ে প্ৰতিযোগিতা খনৰ, ছেমি ক্লাছিকেল ছেমি ক্লাছিকেল নৃত্যটো দ্বিতীয় স্থান দখল কৰি ৰাজ্যখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পুঠিমাৰী পায়'নিয়াৰ একাডেমীৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ হিমানজ্যোতিয়ে ৰঙিয়াৰ ৰুণজুন অভিনয় আৰু নৃত্য একাডেমীত, নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহন কৰি থকাৰ লগতে দদৰাৰ মহেশ দাস নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটো কথক নৃত্যৰ প্ৰশিক্ষণ গ্ৰহন কৰি আছে ৷