বাইহাটা চাৰিআলি, 18 অক্টোবৰঃ চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা। কিন্তু বেয়া কাম কৰিলে সেয়া লুকাই নাথাকে ৷ শুকুৰবাৰে কামৰূপৰ বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষীৰ জালত পৰিল দুই ছাগলী চোৰ। দীৰ্ঘদিন ধৰি কমলপুৰ থানাৰ বিভিন্ন অঞ্চলত সমূহত ছাগলী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুটা গভাইত চোৰে। এই দুই চোৰে আকৌ ছাগলী চোৰ কৰিবলৈ স্কুটীতহে আহে ৷ পথৰ কাষত চৰি থকা ছাগলী লৈ নিমিষতে উধাও হয় দুই চোৰ ৷
বাইহাটাত ছাগলী চোৰক ৰাইজৰ উত্তম মধ্যম - ছাগলী চোৰ
দীৰ্ঘদিন ধৰি কমলপুৰ থানাৰ বিভিন্ন অঞ্চলত সমূহত ছাগলী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুটা গভাইত চোৰে। এই দুই চোৰে আকৌ ছাগলী চোৰ কৰিবলৈ স্কুটীতহে আহে ৷ পথৰ কাষত চৰি থকা ছাগলী লৈ নিমিষতে উধাও হয় দুই চোৰ ৷ কিন্তু শুকুৰবাৰে ছাগলী চোৰ কৰিবলৈ লওতেই ৰাইজে আটক কৰিলে চোৰ কেইটাক ৷
কিন্তু শুকুৰবাৰে দিন বেয়া আছিল কল্প দাস আৰু পুলক ৰাজবংশী নামৰ চোৰ দুটাৰ ৷ যাৰবাবে বাইহাটাৰ দ্বিগুণপাৰ (লেজা) গাঁৱত পথৰ দাঁতিত ঘাঁহ খাই থকা অৱস্থাত স্কুটিত উঠাই লৈ যায় এটা পঠা ছাগলী। আৰু এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে গাঁওখনৰে কেইজনমান যুৱকে ৷ এই ঘটনাৰ পিচতে যুৱক কেইজনে ফোন যোগে চোৰকেইটা গৈ থকা দিশে থকা গাঁওখনৰ লোকসকলক খবৰ দিয়াত গাঁওখনৰ একাংশ লোকে চোৰ দুটাক কৰায়ত্ত কৰি উত্তম মধ্যম সোধাই কমলপুৰ আৰক্ষীক গতাই দিয়ে ৷
কমলপুৰ আৰক্ষীয়ে চোৰ দুটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বাইহাটা চাৰিআলিৰ কমলপুৰ অঞ্চলত সঘনাই সংঘটিত হৈ আহিছিল ছাগলী চুৰিৰ ঘটনা ৷ গভাইত চোৰ দুটা আটক হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷