অসম

assam

ETV Bharat / state

বাইহাটা চাৰিআলিত শাওণীয়া শিৱ পূজা - SIVA PUJA

শাওণৰ শেষৰটো সোমবাৰত বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ত শাওণীয়া শিৱ পূজাৰ বাবে ভক্তগণৰ ভীৰ

বাইহাটা চাৰিআলিত শাওণীয়া শিৱ পূজা

By

Published : Aug 12, 2019, 8:31 PM IST

Updated : Aug 12, 2019, 8:50 PM IST

বাইহাটা, 12 আগষ্ট : শাওণ মাহক শিৱৰ বাবে পবিত্ৰ মাহ হিচাপে গণ্য কৰে হিন্দু সনাতন ধৰ্মৰ লোকে। শিৱ পুৰাণৰ মতে এই শাওণ মাহত প্ৰতিটো সোমবাৰত শিৱক যদি বোৱতী নদীৰ পানী আৰু বেলপাতেৰে পূজা অৰ্চনা কৰা হয় তেতিয়া ভক্তৰ মনোকামনা পূৰ্ণ হয় । তাকে সৰোগত কৰি শাওণৰ শেষৰটো সোমবাৰত ভক্তই ভিৰ কৰিলেহি বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ত। হাজাৰ হাজাৰ ভক্তই নিজৰ মনোকামনা পূৰণৰ আশাৰে শাওণৰ শেষৰটো সোমবাৰত ভগৱান শিৱৰ বাবে আগবঢ়ালে পূজা অৰ্চনা। লগতে কমলপুৰৰ লেজাটো দেখা গ'ল ভক্তই শিৱ পূজা কৰাৰ দৃশ্য। ব'ল ব'ম উপলক্ষে শেষৰটো সোমবাৰত কমলপুৰ ভাঙৰা গোঁসাই থানত ভক্তগণই কৰে বিশেষ পূজা অৰ্চনা ৷

বাইহাটা চাৰিআলিত শাওণীয়া শিৱ পূজা
Last Updated : Aug 12, 2019, 8:50 PM IST

ABOUT THE AUTHOR

...view details