অসম

assam

ETV Bharat / state

কামৰূপত চাঞ্চল্যকৰ ডকাইতি: দুৰ্বৃত্তৰ দলে লুটিলে 5 লাখ

কামৰূপৰ গৌৰাংগপুৰৰ বিপুল নাথ নামৰ এজন লোকৰ পৰা ডকাইতে লুটি লৈ যায় পাঁচ লাখ ৷ ঘটনা সন্দৰ্ভত লোকজনে চাংসাৰী আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ৷

By

Published : Aug 7, 2019, 12:12 PM IST

কামৰূপত ডকাইতিৰ ঘটনা

কামৰূপ,7আগষ্ট : কামৰূপৰ গৌৰাংগপুৰত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷ চাংসাৰীৰ নাথ চুবুৰীৰ বিপুল নাথ নামৰ এজন ব্যক্তিৰ পৰা ডকাইতে লুটি লৈ যায় বৃহৎ পৰিমাণৰ ধন ৷ এখন মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই লোকজনৰ পৰা কাঢ়ি লৈ যায় পাঁচ লাখ ৷ ৰাজমিস্ত্ৰীৰ কাম কৰা বিপুল নাথে মাটি বিক্ৰী কৰি পোৱা এখন চেক ভাৰতীয় ষ্টেট বেংকৰ চাংসাৰী শাখাত জমা কৰি উলিয়াইছিল ধনখিনি ৷ বিপুল নাথে খুলশালি লাচিত নাথৰ সৈতে এএচ০১ডিএইচ ৬৫১৯ নম্বৰৰ মটৰচাইকেলখনেৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে ক'লা পালচাৰত অহা দুজনীয়া দুৰ্বৃত্তই আগভেটি ধৰি ধনৰাশিখিনি কাঢ়ি লৈ যায় আৰু দুৰ্বৃত্ত কেইজনে বাইহাটা চাৰিআলি অভিমুখে পলায়ন কৰে ৷ এই ঘটনাৰ পাচতে বিপুল নাথে চাংসাৰী আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৯২ধাৰাত ৩২৪ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

কামৰূপত ডকাইতিৰ ঘটনা

উল্লেখ যে,সমাগত স্বাধীনতা দিৱস উপলক্ষে বৃহত্তৰ অঞ্চলটোত ব্যাপক তালাচী চলি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details