অসম

assam

ETV Bharat / state

চাংসাৰীত বজ্ৰপাতে প্ৰাণ ল'লে দুজনৰ - বজ্ৰপাত পৰি মৃত্যু

প্ৰকৃতিৰ তাণ্ডৱ লীলা অব্যাহত আছে ৰাজ্যত ৷ পথাৰলৈ গৰু এৰাল দিবলৈ যোৱাৰ সময়ত বজ্ৰপাত পৰি থিতাতে মৃত্যু হয় দুজন ব্যক্তিৰ ৷ চাংসাৰীত 2 জনকৈ লোকৰ বজ্ৰপাতত মৃত্যু ৷ সমগ্ৰ চাংসাৰীত শোকৰ ছাঁ

চাংসাৰীত বজ্ৰপাতে প্ৰাণ ল'লে দুজনৰ

By

Published : Aug 16, 2019, 7:04 PM IST

কামৰূপ,16 আগষ্টঃ প্ৰকৃতিৰ তাণ্ডৱ অব্যাহত আছে ৰাজ্যত ৷ প্ৰচণ্ড গৰমে ৰাজ্যবাসীক জুৰুলা কৰাৰ পাছত এইবাৰ চাংসাৰীত বজ্ৰপাতত মৃত্যু হ'ল দুজনৰ ৷ মাত্ৰ ১২ ঘন্টাৰ ভিতৰত কামৰূপৰ চাংসাৰীত বজ্ৰপাতে প্ৰাণ ল'লে দুজন ব্যক্তিৰ ৷ প্ৰাপ্ত তথ্য মতে,হাথিয়ানা গাৱৰ হৰিন ডেকা নামৰ ব্যক্তি গৰাকীয়ে পথাৰৰ পৰা গৰু আনিবলৈ যাওঁতে বজ্ৰপাত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকসকলে ততাতৈয়াকৈ ব্যক্তি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ব্যক্তি গৰাকীক মৃত ঘোষণা কৰে। ইফালে চাংসাৰী ধোপাটাৰি গাৱৰ অৰুণ চন্দ্ৰ ডেকা নামৰ ব্যক্তি গৰাকীয়েও পথাৰলৈ গৰু এৰাল দিবলৈ যোৱাৰ সময়ত বজ্ৰপাত পৰি থিতাতে নিহত হয় । উল্লেখযোগ্য যে,মৃত হৰিন ডেকা ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু অৰুণ চন্দ্ৰ ডেকা আছিল অৱসৰপ্ৰাপ্ত শিক্ষক । দুয়োজন ব্যক্তিয়েই পথাৰত গৰু এৰাল দি ঘৰলৈ ওভতাৰ পথত বজ্ৰপাত পৰি মৃত্যু মুখত পৰাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

চাংসাৰীত বজ্ৰপাতে প্ৰাণ ল'লে দুজনৰ

ABOUT THE AUTHOR

...view details