বাইহাটা,25 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূৃহৰ কৰ্মকৰ্তা সকলৰ মাজত দেখা গৈছে দলত্যাগৰ জোৱাৰ ৷ নিজৰ নিজৰ ৰাজনৈতিক স্থিতি সবল কৰাৰ উদ্দেশ্যে এটি দলৰ পৰা আন এটি দললৈ ঢাপলি মেলিছে নেতা-কৰ্মীসকল ৷ বৃৃহস্পতিবাৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ বাইহাটাস্থিত মুখ্য কাৰ্যালয় আৰু সমষ্টিটোৰ অন্তৰ্গত বালাহাটীত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
বাইহাটাত তিনি শতাধিকৰ বিজেপিত যোগদান - দলত্যাগৰ ৰাজনীতি
বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূৃহৰ কৰ্মকৰ্তাসকলৰ মাজত দেখা গৈছে দলত্যাগৰ জোৱাৰ ৷ বৃৃহস্পতিবাৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ বাইহাটাস্থিত মুখ্য কাৰ্যালয় আৰু সমষ্টিটোৰ অন্তৰ্গত বালাহাটীত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
বাইহাটাত তিনি শতাধিকৰ বিজেপিত যোগদান
বিজেপিৰ কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ উপস্থিতিত প্ৰায় তিনি শতাধিক বিভিন্ন দলৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে । ইয়াৰ ভিতৰত কংগ্ৰেছ দলকে ধৰি কেবাটাও ৰাজনৈতিক দলৰ পঞ্চায়ত প্ৰতিনিধিয়ে বিজেপিত যোগদান কৰে ।
লগতে পঢ়ক:ঢেকীয়াজুলিত অন্তিম প্ৰচাৰত ব্যস্ত অশোক সিংহল