অসম

assam

By

Published : Nov 9, 2020, 9:19 PM IST

ETV Bharat / state

বাইহাটা চাৰিআলিত বেংক ডকাইতিঃ লুটি নিলে ৬.৪০ লাখ

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত দিন দুপৰতে বন্ধন বেংকৰ ভিতৰত প্ৰৱেশ কৰি শূন্যলৈ গুলীচালনা কৰি ডকাইতৰ দলে লুটি নিলে ৬.৪০ লাখ টকা । বাইকত অহা দুটা দুৰ্বৃত্তই ঘটনা সংঘটিত কৰিলে এই ডকাইতি কাণ্ড ।

baihata-bank-robbery
বাইহাটা চাৰিআলিত বেংক ডকাইতিঃ লুটি নিলে ৬.৪০ লাখ টকা

বাইহাটা, 9 নৱেম্বৰ: বাইহাটা চাৰিআলিত সংগঠিত হৈছে বেংক ডকাইতিৰ ঘটনা । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত দিন দুপৰতে বন্ধন বেংকৰ ভিতৰত প্ৰৱেশ কৰি শূন্যলৈ গুলীচালনা কৰি ডকাইতৰ দলে লুটি নিলে ৬.৪০ লাখ টকা । বাইকত অহা দুটা দুৰ্বৃত্তই সংঘটিত কৰিলে এই ডকাইতিকাণ্ড । ঘটনাৰ খবৰৱ লাভ কৰি ঘটনাস্থলিত কমলপুৰ আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । জানিব পৰা মতে, দুজনীয়া ডকাইতৰ দলটোৰ এজনে হাতত চোকা ডেগাৰ এখন লৈ বেংকলৈ অহা গ্ৰাহক সকলক ভিতৰলৈ সোমাই দিয়ে ।

অন্যজনে বেংকৰ ভিতৰত প্ৰবেশ কৰি মোনা এখন দলিয়াই দি সমুদায় ধন ভৰাবলৈ নিৰ্দেশ দিয়ে । বেংকৰ কৰ্মচাৰী সকলে প্ৰথমে অমান্তি হোৱাত শূন্যলৈ গুলী চালনা কৰে ডকাইতটোৱে । তাৰ পাছতে কৰ্মচাৰী সকলে সমুদায় ধন মোনাত ভৰাই ডকাইতৰ হাত তুলি দিয়ে । এই সকলোবোৰ দৃশ্য বন্দী হয় বেংকত থকা চিচি টিভি কেমেৰাত ।

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ হুংকাৰ ক’ভিড যোদ্ধাৰ

ABOUT THE AUTHOR

...view details