অসম

assam

ETV Bharat / state

ভাবুকি নামি আহিছে বাইহাটাৰ বাঁহ উদ্যোগলৈ - বাইহাটাৰ ক্ষুদ্ৰ কুটিৰ উদ্যোগ

মুৰ্গীৰ পোৱালি সৰবৰাহ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা খাচা (খোখা) প্ৰস্তুত কৰে বাইহাটাৰ বাঁহ উদ্যোগে । বাঁহেৰে সুন্দৰভাৱে প্ৰস্তুত কৰি উলিওৱা এই খোখাসমূহ ৰপ্তানি কৰি বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল অঞ্চলবাসী ।

Baihata Bamboo industry is in danger
ভাবুকি নামি আহিছে বাইহাটাৰ বাঁহ উদ্যোগলৈ

By

Published : May 20, 2020, 4:39 PM IST

বাইহাটা,20 মেঃ কামৰূপৰ জিলাৰ বাৰেডলা, জয়ন্তীপুৰ অঞ্চলৰ একাংশ লোকৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে এক ব্যতিক্ৰমী কুটিৰ শিল্পৰ উদ্যোগ । মুৰ্গীৰ পোৱালি সৰবৰাহ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা খাচা (খোখা) প্ৰস্তুত কৰে বাঁহ উদ্যোগটোৱে । বাঁহেৰে সুন্দৰভাৱে প্ৰস্তুত কৰি উলিওৱা এই খোখাসমূহ ৰপ্তানি কৰি বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল অঞ্চলবাসী ।

বাইহাটাৰ বাঁহ উদ্যোগলৈ ভাবুকি

কিন্তু সম্প্ৰতি ইয়াৰ বিপৰীতে প্লাষ্টিকৰ খোখাৰ প্ৰচলন বৃদ্ধি পোৱাত এই উদ্যোগটোলৈ ভাবুকি নামি আহিছে । লগতে সম্প্ৰতি লক ডাউনৰ ফলত স্থানীয় বজাৰৰ অভাৱত অঞ্চলটোৰ হাজাৰৰো অধিক পৰিয়াললৈ বিপৰ্যায় নামি আহিছে । সেয়েহে অঞ্চলবাসীয়ে চৰকাৰক আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ এই সময়ছোৱাত প্লাষ্টিকৰ আগ্ৰসন ৰোধ কৰি তেঁওলোকৰ ক্ষুদ্ৰ উদ্যোগটোক উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক- আম্ফানঃ উড়িশাত ধুমুহা আৰু প্ৰচণ্ড জোৱাৰ

ABOUT THE AUTHOR

...view details