অসম

assam

By

Published : Oct 18, 2019, 12:42 PM IST

ETV Bharat / state

বাইহাটাত জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা

বাইহাটা চাৰিআলিৰ মুক্তাপুৰ জয়কুছি সংযোগী দলং নিৰ্মানত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ উক্ত দলঙখন নিৰ্মানৰ সময়ত যাতায়তৰ বাবে ওচৰতে এখন বাঁহৰ দলং নিৰ্মান কৰি দিছিল যদিও সেইখনৰো এতিয়া জৰাজীৰ্ন অৱস্থা ৷

বাইহাটাত জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা

বাইহাটা, 18 অক্টোবৰঃবাইহাটা চাৰিআলিৰ এখন জৰাজীৰ্ণ দলং ৷ যি দলঙৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘসময় ধৰি দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ বাইহাটা চাৰিআলিৰ মুক্তাপুৰ জয়কুছি সংযোগী দলং নিৰ্মানত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, উক্ত দলঙখন নিৰ্মানৰ সময়ত যাতায়তৰ বাবে ওচৰতে এখন বাঁহৰ দলং নিৰ্মান কৰি দিছিল যদিও সেইখনৰো এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ ইতিমধ্যে বাঁহৰ দলঙখনৰ পৰা পৰি আঘাট প্ৰাপ্ত হৈছে বহুলোক ৷

বাইহাটাত জৰাজীৰ্ণ দলং

উক্ত দলঙখনৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে চিকিৎসালয়লৈ ৰোগীক নিবলৈ অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেঞ্চ ৷ সেয়েহে অতিশীঘ্ৰে দলঙখনৰ নিৰ্মান সম্পূৰ্ণ কৰাৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে ৷

ABOUT THE AUTHOR

...view details