জাপানীজ এনকেফেলাইটিজৰ সম্পৰ্কে সজাগতা - Baihata
কুম্ভ কৰ্ণ নিদ্ৰাৰ পৰা সাৰ পালে স্বাস্থ্য বিভাগে । জাপানীজ এনকেফেলাইটিজৰ বিৰুদ্ধে তৎপৰ স্বাস্থ্য বিভাগ ৷
জাপানীজ এনকেফেলাইটিজৰ সম্পৰ্কে সজাগতা
কামৰূপ, 3 জুলাইঃ কামৰূপৰ বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱত জাপানীজ এনকেফেলাইটিজ ৰোগত লোহিত ডেকা নামৰ এজন ব্যক্তিৰ মৃত্যুৰ পিচতে তৎপৰ হৈছে স্বাস্থ্য বিভাগ । বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি স্বাস্থ্য কৰ্মীৰ দলে অঞ্চলটোত আৰম্ভ কৰিছে সজাগতা । স্বাস্থ্য কৰ্মীৰ দলটোৱে পাত্ৰপুৰ গাঁৱত উপস্থিত হৈ আঁঠুৱা সমূহ ঔষধিকৰণ কৰাৰ লগতে অঞ্চলটোত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে ৷ গাঁৱখনৰ প্ৰতিটো ঘৰৰ মানুহৰে আঁঠুৱা সমূহ ঔষধিকৰণ কৰে স্বাস্থ্য কৰ্মীৰ দলটোৱে ।
Last Updated : Jul 3, 2019, 7:55 PM IST