বাইহাটা,8 এপ্ৰিল:আমিনগাঁৱত আবকাৰী বিভাগৰ বৃহৎ সাফল্য ৷ বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ভৰ্তি ট্ৰাক । বৃহস্পতিবাৰে আবকাৰী বিভাগৰ চোৰাংচোৱা বিষয়া সুভাষ বৈশ্যৰ নেতৃত্বত এটি দলে চলোৱা অভিযানত জব্দ হয় প্ৰায় ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা ।
আবকাৰী বিভাগৰ অভিযানত জব্দ বিলাতী সুৰা - বিলাতী সুৰা
বৃহস্পতিবাৰে আবকাৰী বিভাগৰ চোৰাংচোৱা বিষয়া সুভাষ বৈশ্যৰ নেতৃত্বত এটি দলে চলোৱা অভিযানত জব্দ হয় প্ৰায় ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা ।

আমিনগাঁৱত আবকাৰী বিভাগৰ বৃহৎ সাফল্য
আমিনগাঁৱত আবকাৰী বিভাগৰ বৃহৎ সাফল্য
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ হলংকিৰ পৰা BR-06-GE-5552 নম্বৰৰ ট্ৰাকখনে কোকৰাঝাৰলৈ নিছিল সুৰাখিনি । আদবাটতে অভিযান চলাই আবকাৰী বিভাগে জব্দ কৰে সুৰা ভৰ্তি ট্ৰাকখন ৷ ইয়াৰ লগতে একাংশ অবৈধ সুৰা মাফিয়াৰ সন্দৰ্ভত কামৰূপ জিলাৰ আবকাৰী বিভাগে আৰম্ভ কৰিছে ক্ষীপ্ৰ তদন্ত । গটনা সন্দৰ্ভত অভিযানকাৰী দলটোৱে আটক কৰিছে ট্ৰাকখনৰ চালক মনীশ কুমাৰক ।
লগতে পঢ়কঃ কৰ’ণা ভাইৰাছত আক্ৰান্ত আইআইটি ৰুড়কীৰ 88 গৰাকী শিক্ষাৰ্থী