ৰঙিয়া,5 ডিচেম্বৰ :শুকুৰবাৰে ৰঙিয়াৰ খন্দিকৰত উপস্থিত হৈ আজমল ফাউণ্ডেশ্যনৰ টকা সন্দৰ্ভত মন্তব্য কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷ আজমল ফাউণ্ডেশ্যনৰ টকা অবৈধ নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, ‘‘এফচিআৰৰ টকা চুৰি বা ডকাইতিৰ টকা নহয় । গৃহ মন্ত্ৰণালয় অথবা বৃত্ত মন্ত্ৰণালয়ৰ অধীনতেই এই টকাবোৰ আহে । এই সন্দৰ্ভত যিসকলে অভিযোগ দিছে তেওঁলোকে এফচিআৰৰ বিষয়ে একো নাজানে’’ ।
এফ চি আৰৰ টকা মুকলি কৰি দিওঁতে কমেও এবছৰ সময় লাগে । টকা মুকলি কৰি দিবলৈ হ’লে হাজাৰটা তদন্ত কৰে। যিসকলে দান-বৰঙণি দিয়ে তেওঁলোকৰো তদন্ত হয় । যিসকলে এই টকা লাভ কৰে তেওঁলোকৰো তদন্ত হয় হয় বুলি আজমলে সদৰি কৰে ৷