ৰঙিয়া, ১০ মে': এখন বিদেশী ৰাষ্ট্ৰৰে সংযোগী এটা গুৰুত্বপূৰ্ণ ঘাইপথ । সামৰিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱেও অতি স্পৰ্শকাতৰ ঘাইপথটো । বহিশত্ৰুৰ পৰাও দেশবাসীক নিৰাপদে ৰাখিবলৈ অতিকৈ প্ৰয়োজন ঘাইপথটো । যদি দেশৰ বাবেই সকলো ক্ষেত্ৰতে পথটো অতি গুৰুত্বপূৰ্ণ । তেনেহ'লে পথটো বৰ্তমান আছে কেনেদৰে ?
অতিকৈ গুৰুত্বপূৰ্ণ পথটো হৈছে ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ (Pathetic road condition) । ৰঙিয়াৰ মাজেৰে গৈ পথটো তামোলপুৰ হৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চানদ্ৰুপজাংখাৰ পাইছেগৈ । পিছে ঘাইপথটোৰ দুৰৱস্থা দেখিলে চকু কঁপালত উঠিব আপোনাৰো । যোৱাটো বৰ্ষত পুঠিমাৰী নৈৰ প্ৰলয়ংকৰী বানে ৰঙিয়াৰ বালাগাঁৱত চলাইছিল তাণ্ডৱ (Broken road in Rangia)।
অঞ্চলটোৰ মাজেৰে যোৱা ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোৰ পশ্চিম অংশ ঘহাই পেলাইছিল বলিয়া বানে । বানত বিধ্বস্ত হৈছিল দলঙৰ লগতে বহু কালৰ্ভাট । বান শেষ হোৱা এবছৰ অতিক্ৰম কৰিবৰ হ'ল । কিন্তু বিধ্বস্ত পথটো মেৰামতি কৰিবলৈ সময় নহ'ল লোকনিৰ্মাণ বিভাগৰ । বানপানীৰ সময়ত বিভাগটোৱে বিধ্বস্ত হোৱা প্ৰায় ডেৰ কিলোমিটাৰ পথত কেইডাল মান বাঁহ বান্ধি আৰু কেইটামান বস্তা দিয়ে দায়িত্ব সামৰিলে ৰঙিয়াৰ বাৰ্মিজ নগৰত থকা লোকনিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলটোৱে ।