আজাৰা,31 অক্টোবৰ:বিশুদ্ধ খোৱাপানীৰ নামত বজাৰত বৰবিহ বিয়পাইছে এটি খোৱাপানী প্ৰস্তুতকাৰী কোম্পানীয়ে ৷ কামৰূপ জিলাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা-ৰাণী পাটগাঁও সংযোগী আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত জবেত থকা কেভিন নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা পানীত ওলাইছে বেক্টেৰিয়া সদৃশ কীট ৷ কোম্পানীটোৱে অঞ্চলটোৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহলৈ প্ৰেৰণ কৰে পানীৰ বটল ৷
ঘটনা অনুসৰি, পানী প্ৰস্তুতকাৰী কোম্পানীটোৱে বঙৰাৰ কেইখনমান বিপণীত শেহতীয়াকৈ যোগান ধৰিছিল খোৱাপানীৰ বটল ৷ উক্ত বটলসমূহৰ প্ৰায়ভাগতে দেখা যায় এনে ক্ষুদ্ৰ কীট ৷ ফলত পানীৰ বটল ক্ৰয় কৰা গ্ৰাহকসকলে বিক্ৰেতাসকলক ঘূৰাই দিয়ে পানীৰ বটলসমূহ ৷ এই বটলসমূহৰ লেবেলত ম্যাদ ছমাহ বুলি উল্লেখ থকাৰ পিছত প্ৰায় দুই মাহতে ম্যাদ কেনেকৈ শেষ হ’ব পাৰে সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ এইক্ষেত্ৰত কোম্পানীটোক ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলে অৱগত কৰাত দায়সৰা মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কাটে ৷