অসম

assam

ETV Bharat / state

ৰাজ্যিক বঁটা লাভ কৰা এজন শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - azara

আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ নগেন চন্দ্ৰ দাসে ২০১২ চনৰ পৰা ফেব্ৰুৱাৰী ২০২০ চনলৈ বৃহৎ পৰিমানৰ টকাৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাক্তন অধ্যক্ষ গৰাকীৰ কাৰ্যকালৰ ৰাজহুৱা সভাত পৰিচালনা সমিতিৰ কোষাধ্যক্ষই কৰা হিচাব পাঠৰ পিছতেই তেওঁৰ কাৰ্যকালত ২১ লাখ ৫৮ হাজাৰ টকাৰ কেলেংকাৰী হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে ।

azara-school-money-corrupition
ৰাজ্যিক বঁটা লাভ কৰা শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

By

Published : Nov 3, 2020, 8:16 PM IST

আজাৰা,3 নৱেম্বৰ :কৃতি শিক্ষক হিচাপে ৰাজ্যিক বঁটা লাভ কৰা এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ ৷ মামণি ৰয়ছম গোস্বামীৰ জন্ম স্থান আমৰাঙ্গা-বৰিহাটৰ আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ নগেন চন্দ্ৰ দাসে ২০১২ চনৰ পৰা ফেব্ৰুৱাৰী ২০২০চনলৈ বৃহৎ অংকৰ টকাৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাক্তন অধ্যক্ষ গৰাকীৰ কাৰ্যকালৰ ৰাজহুৱা সভাত পৰিচালনা সমিতিৰ কোষাধ্যক্ষই কৰা হিচাব পাঠৰ পিছতেই তেওঁৰ কাৰ্যকালত ২১ লাখ ৫৮ হাজাৰ টকাৰ কেলেংকাৰী হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে ।

ৰাজ্যিক বঁটা লাভ কৰা শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, বিদ্যালয় পৰিদৰ্শকৰ অনুমতি সাপেক্ষে অধ্যক্ষ গৰাকীৰ কাৰ্যকালৰ হিচাবৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু এই ৰাজহুৱা সাধাৰণ সভাত কোষাধ্যক্ষই দিয়া হিচাবৰ পাঠতে স্পষ্ট হৈ পৰে, নগেন চন্দ্ৰ দাসৰ কাৰ্যকালত ২১ লাখ ৫৮ হাজাৰ টকাৰ কেলেংকাৰী হৈছে । তদুপৰি প্রাক্তন অধ্যক্ষজনে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ উপৰিও বিষয় শিক্ষক আৰু বিদ্যালয়ৰ কেৰাণীৰ চহী জালিয়তি কৰাৰ কথাও পোহৰলৈ আহিছে । যাৰ ফলত জাঙোৰ খাই উঠিছে স্থানীয় লোকসকল ।
লগতে পঢ়ক: গুৱাহাটী প্ৰেছ ক্লাৱত মাহেকীয়া 'বাৰ্তাপখিলী'ৰ বঁটা প্ৰদান অনুষ্ঠান

ABOUT THE AUTHOR

...view details